অৱশেষত বাধ্য হৈ কেন্দ্ৰীয় চৰকাৰ বিতৰ্কিত তিনি কৃষি আইন বাতিল ঘোষণা কৰাত বিৰোধীৰ বিভিন্নজনৰ প্ৰতিক্ৰিয়া আৰু কৃষকলৈ শুভেচ্ছা অব্যাহত আছে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণাৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
কেজকিৱালে কৈছে যে,
এই পোহৰৰ দিনটোত আৰু কি ভাল খবৰ হ’ব পাৰে যে তিনিওটা আইন বাতিল কৰা হৈছে। বিগত দিনত ৭০০ ৰো অধিক কৃষক শ্বহীদ হৈছিল। তেওঁলোক শ্বহীদ অমৰ হৈ থাকিব। আহিবলগীয়া প্ৰজন্মই মনত ৰাখিব যে কেনেকৈ এই দেশৰ কৃষকসকলে কৃষি আৰু কৃষকসকলক বচাবলৈ নিজৰ জীৱন বিপদত পেলাইছিল। মোৰ দেশৰ কৃষকসকলক মোৰ শুভেচ্ছা জনাইছো।