Daily Time Axom

অৱশেষত বাতিল হ’ব বিতৰ্কিত কৃষি আইন ৷ ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা ৷

0 8

দেশৰ কৃষকৰ এবছৰ জোৰা ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অৱশেষত বাতিল হ’ব তিনি বিতৰ্কিত কৃষি আইন ৷ আজি গুৰু নানকৰ জন্ম জয়ন্তী, গুৰু পৰৱ ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰক সম্বোধন কৰি ভাষণত ঘোষণা কৰে যে তিনিটা বিতৰ্কিত কৃষি আইন বাতিল কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
“আমি আমাৰ কৃষকসকলক বুজাবলৈ সক্ষম হোৱা নাই। এইটো কাকো দোষ দিয়াৰ সময় নহয়। মই আপোনালোকক ক’ব বিচাৰো যে আমি কৃষি আইনসমূহ ঘূৰাই লৈছো ৷“ কৃষকসকলক তেওঁলোকৰ ঘৰ আৰু পথাৰলৈ উভতি যাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
কৃষকৰ প্ৰতিবাদ এবছৰ সম্পূৰ্ণ হোৱাৰ পথত বাবেই এই সিদ্ধান্ত লোৱা হৈছে । যোৱা এটা বছৰ ধৰি দেশৰ মুষ্টিমেয় কৃষকে এই আইন তিনিখনৰ বিৰোধিতাৰে দিল্লীত অৱস্থান গ্ৰহণ কৰিছিল ৷ এই প্ৰতিবাদে দেশৰ ৰাজনীতিতো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে ৷ চৰকাৰৰ তৰফৰ পৰাও এই প্ৰতিবাদ নিৰসন কৰি আইনখন প্ৰয়োগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ৷
প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কয় যে তেওঁৰ চৰকাৰে কৃষকসকলক আইনৰ বিষয়ে শিক্ষিত আৰু অৱগত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল আৰু তেওঁলোকৰ উন্নতিৰ বাবে কাম কৰি যাব।

Leave A Reply

Your email address will not be published.