Daily Time Axom

এতিয়াই বন্ধ নহয় কৃষক আন্দোলন ৷ আইনীভাৱে কৃষি আইন বাতিল হ’লেহে ঘৰলৈ যাব কৃষক ৷

0 15

এতিয়াই বন্ধ নহয় কৃষকৰ আন্দোলন ৷ আন্দোলনথলী এৰি ঘৰলৈ এতিয়াই নাযায় দিল্লীৰ ৰাজপথৰ খামী ডাঠ কৃষক সকল ৷

“আমাৰ ৬৫০জন লোকৰ মৃত্যু ঘটাৰ পাছতহে কেন্দ্ৰীয় চৰকাৰৰ নিদ্ৰা ভংগ হ’ল। প্ৰথমে কাগজ দেখুৱাওক ৷ তাৰ পাছতহে বন্ধ হ’ব আন্দোলন ৷“- এই মন্তব্য
কৃষক নেতা ৰাকেশ টিকায়তৰ ৷ দেশৰ তিনি কৃষি আইন বিৰোধী প্ৰতিবাদৰ মুখ্য নেতা ৰিকেশ টিকায়ত আজি সমগ্ৰ দেশতে হিৰো হৈ পৰিছে ৷ বিতৰ্কিত কৃষি আইন তিনিড়ন বাতিল হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে পুৱা ঘোষণা কৰাৰ সময়ত টিকায়ত আছিল মহাৰাষ্ট্ৰৰ পালঘৰত ৷ কৃষক নেতা ৰাকেশ টিকায়তৰ তাৰ পাছতে ঘোষণা – আন্দোলন এতিয়াই শেষ নহয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইন তিনিখন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিলেও এতিয়াই আন্দোলন সামৰি ঘৰলৈ যাবলৈ সন্মত নহয় দিল্লীত আন্দোলনৰত কৃষকসকল । কৃষক নেতা ৰাকেশ টিকায়তে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে স্পষ্ট কৰি দিয়ে যে, যেতিয়ালৈকে এই আইন আইনীভাৱে বাতিল কৰা নহয় তেতিয়ালৈকে কৃষক সকলে আন্দোলন এৰি ঘৰলৈ নাযায় ৷

টিকায়তে কয় যে,
“কেৱল টি ভি-ত ঘোষণা কৰিলেই নহ’ব । কৃষি আইন বাতিল কৰাৰ কাগজ ক’ত? আমাক কাগজ দেখুৱাওক ৷ যেতিয়া আইনীভাৱে কৃষি আইন তিনিখন বাতিল হ’ব তেতিয়াই আমি ঘৰলৈ উভতিম ৷“

ৰাকেশ টিকায়তৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে, কৃষি আইন ৩খনৰ সন্দৰ্ভত চৰকাৰৰ ওপৰত কৃষক সকলৰ ন্যুনতমো ভৰষা নাই ৷ সেই বাবেই আইনীভাৱে বিতৰ্কিত আইনখন বাতিল হ’লেহে ঘৰলৈ উভতিব বুলি সিধান্ত লৈছে কৃষক সকলে ৷

Leave A Reply

Your email address will not be published.