Daily Time Axom

নপুংসক কৰিব ধৰ্ষণকাৰীক, নতুন আইন বলবৎ হ’ল, কিন্তু ক’ত?

0 11

এইবাৰ ধৰ্ষণকাৰীয়ে পাব নতুন শাস্তি, পাকিস্তান চৰকাৰে ধৰ্ষণৰ দৰে নাৰকীয় কাৰ্য্যত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইমৰান খান চৰকাৰে এনে ধৰণৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ কঠোৰ নতুন আইন প্ৰণয়ন কৰিছে। পাক ৰিপ্লেচমেণ্ট (পাকিস্তান সংসদ)য়ে ফৌজদাৰী আইন (সংশোধনী) বিধেয়ক ২০২১ অনুমোদিত কৰিছে এইবাৰ । 
সেই আইন অনুসৰি ধৰ্ষণকাৰীক ঔষধ (কেমিকেল কেষ্ট্ৰেচন)ৰ দ্বাৰা নপুংসক কৰা হ’ব। বুধবাৰে পাকিস্তান সংসদত বিধেয়কখন উত্থাপন কৰা হৈছিল, ইয়াৰ বিৰোধিতা কৰিছিল জামাত-ই-ইছলামী চিনেটৰ মুস্তাক আহমেদে। তেওঁ দাবী কৰিছিল যে আইনখন ধৰ্ম বিৰোধী
। অৱশ্যে, তেওঁ ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰহে পক্ষপাতী বুলিও কয় । যদিও তেওঁ নপুংসক কৰাৰ বিৰোধিতা কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ২০২০ চনৰ ধৰ্ষণ বিৰোধী অধ্যাদেশত স্বাক্ষৰ কৰিছে, য’ত ৰাসায়নিক কেষ্ট্ৰেচন বা ঔষধৰ জৰিয়তে দোষী প্ৰমাণিত ধৰ্ষণকাৰীজনক ৰাসায়নিক দ্ৰৱ্য সেৱন কৰাই যৌন শক্তি নাইকীয়া কৰি নপুংসক কৰা কথা আছে । 

Leave A Reply

Your email address will not be published.