বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ নতুন ব্যৱসায়, কি এই ব্যৱসায়
ৱেইটাৰৰ ৰূপত বাস্তৱত দেখা গ’ল বলীউড অভিনেত্ৰী শিল্পা চেট্টীক ৷ শিল্পা চেট্টীৰ ধনৰ অভাৱ নাই। তেওঁ এটা বিলাসী ঘৰত বাস কৰে। তেওঁলোকৰ ওচৰত বহু দামী গাড়ীও আছে । শিল্পাই অলপতে মুম্বাইত এখন বিলাসী হোটেল খুলিছে। শিল্পাৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত তেওঁক স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে ৰেষ্টুৰেণ্টলৈ যোৱা দেখা গৈছে। শিল্পা চেট্টীয়ে মুম্বাইৰ আটাইতকৈ বিখ্যাত ৰেষ্টুৰেণ্ট বাষ্টিনৰ এটা শাখা খুলিছিল । সেইকাৰণে বিশ্বাস যে তেওঁলোকৰ ৰেষ্টুৰেণ্ট সোনকালেই ভালকৈ চলিব।
তেওঁৰ ৰেষ্টুৰেণ্টখনত প্ৰথম দিনাই যথেষ্ট ভিৰ আছিল। বহুতো চেলিব্ৰেটী তালৈ খাবলৈ আহিছিল। দৰাচলতে শিল্পা চেট্টীক নিজেই তাত সকলোকে খাদ্য পৰিৱেশন কৰা দেখা পাইছিল ।