কংগ্ৰেছৰ ৰাষ্ট্ৰজোৰা ‘কৃষক বিজয় দিৱস’ ৷ অসমতো কংগ্ৰেছৰ ‘বিজয় সমদল’ ৷

কৃষি আইন প্ৰতিবাদী কৃষক ছহিদলৈ দেশজুৰি শ্ৰদ্ধাঞ্জলি কংগ্ৰেছ দলৰ ৷ প্ৰায় সাতশ কৃষক ছহিদৰ ত্যাগৰ চৰম পৰিণতিৰ বাবে নৰেন্দ্ৰ মোদী সাজু হওক -শ্ল’গানেৰে ৰাজ্যজোৰা বিজয় উৎসৱ পালন কৰিলে ৰাজ্যৰ বিৰোধী দলটোৱে ৷ বিতৰ্কিত কৃষি আইন তিলিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত বাতিল কৰিবলৈ বাধ্য হোৱা ঘটনাক আপোচবিহীন কৃষক সমাজ আৰু গণতান্ত্ৰিক শক্তিসমূহৰ এক ঐতিহাসিক বিজয় বুলি অভিহিত কৰিছে কংগ্ৰেছে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তিতাবৰ-গোলাঘাটত, দেৱব্ৰত শইকীয়াই গুৱাহাটীত, প্ৰদ্যুৎ বৰদলৈয়ে মৰিগাঁৱত কৃষক ছহিদলৈ জনালে শ্ৰদ্ধাঞ্জলি ৷

গুৱাহাটীতো বিয়লি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কৃষক আন্দোলনৰ ছহিদ সকলৰ স্মৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু হাতে হাতে প্ৰজ্জ্বলিত মমবাতি লৈ স্থানীয়ভাৱে এক সমদল বাহিৰ কৰা হয় ৷ অসম বিধান সভাৰ বিৰোধী দলপতি শ্ৰীদেৱব্ৰত শইকীয়া, উপ-দলপতি শ্ৰীৰকিবুল হুছেইন আদিৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
কাৰ্বি আংলঙ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, ধুবুৰী, বঙাইগাওঁ, ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ, দৰং, বৰপেটা, নলবাৰী, নগাওঁ, গোৱালপাৰা বিশ্বনাথ আদি ৰাজ্যখনৰ প্ৰায় সকলো জিলাতে কংগ্ৰেছৰ উদ্যোগত ‘কৃষক বিজয় দিৱস’ উদযাপন কৰা হয়।

Comments (0)
Add Comment