Daily Time Axom

‘ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ’ অব্যাহত আছে; মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকাৰ হেৰোইন

0 8

ড্ৰাগছৰ বিৰুদ্ধে কৰা এক বৃহৎ অভিযানত শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে যুটীয়া আৰক্ষী আয়ুক্তৰ নিৰ্দেশনাত মেঘালয়ৰ বৰ্ণীহাটৰ ওচৰত এখন ট্ৰাকৰ পৰা ৪ কোটি টকাৰ আধা কিলো হেৰোইন জব্দ কৰে।
অভিযানৰ সময়ত, আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তিনিজন লোককো গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীসকলক মণিপুৰৰ ইথেমচা মুছলাম, ৰমেশ চেত্ৰী আৰু ড্ৰাগছ সংগ্ৰহ কৰিবলৈ অহা নংথৌ বুলি চিনাক্ত কৰা কৰিছে ।
লগতে টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে কয়, “জিচিপি পাৰ্থ মহন্তৰ নিৰ্দেশনাত গুৱাহাটী আৰু কামৰূপ আৰক্ষীয়ে বৰ্ণীহাটৰ ওচৰত এখন ট্ৰাক আটক কৰে আৰু ৪ কোটি মূল্যৰ আধা কেজি হেৰোইন জব্দ কৰে। মণিপুৰৰ ইথেমচা মুছলাম আৰু ৰমেশ চেত্ৰী আৰু ড্ৰাগছ সংগ্ৰহ কৰিবলৈ অহা নংথৌক আটক কৰা হৈছিল। ট্ৰাকখনৰ লগতে আৰু এখন অল্টোগাড়ীও জব্দ কৰা হৈছিল।”

Leave A Reply

Your email address will not be published.