এতিয়া দিল্লীত বায়ু প্ৰদূষণৰ হাৰ সৰ্বাধিক । দেৱালীৰ পৰাই, দেশৰ ৰাজধানীৰ বায়ু-ধূলি আৰু ধোঁৱাৰে আবৃত হৈ আছে। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, বহুতো পৰিৱেশবিদে ১৯৫২ চনত লণ্ডনৰ গেছ চেম্বাৰৰ পৰিস্থিতিৰ সৈতে তুলনা কৰা আৰম্ভ কৰিছে।
দিল্লী দেশৰ আটাইতকৈ দূষিত বায়ুৰ চহৰ হিচাপে চিহ্নিত হৈ পৰিছে । দূষিত বায়ুৰ চামনি আৰু ধূলিৰ বাবে দিল্লীৰ কিছুমান ঠাইত শুক্ৰবাৰে দৃশ্যমানতা হাৰ ৫০ শতাংশলৈ হ্ৰাস পাইছে ।
প্ৰথমতে চুবুৰীয়া উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ কৃষিভূমিত বায়ু প্ৰদূষণৰ কাৰণ হিচাপে খড় জ্বলোৱা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ তথ্যই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে দিল্লীৰ মাত্ৰ ১০ শতাংশ প্ৰদূষণ চুবুৰীয়া ৰাজ্যসমূহত খড় জ্বলোৱাৰ ফলত হৈছে। বাহন, ডিজেল চালিত জেনেৰেটৰ আৰু উদ্যোগৰ পৰা বায়ু প্ৰদূষণৰ পৰিমাণ তাতকৈ যথেষ্ট বেছি। শীতকালৰ আৰম্ভণিতে বায়ু প্ৰদূষণৰ ফলত ৰোগৰ ঘটনাও বৃদ্ধি পাইছে। চকুৰ জ্বলা-পোৰা, চকুত চকুপানী, কাহৰ সমস্যা আৰু লগতে শ্বাস-প্ৰশ্বাস আৰু হাঁওফাঁওৰ সংক্ৰমণ বৃদ্ধি হৈছে ৰাজধানীত।
দিল্লী চৰকাৰে চহৰবাসীক প্ৰদূষণৰ ওপৰত কিছু প্ৰতিবন্ধকতা অনুসৰণ কৰিবলৈ কৈছে। বাহিৰলৈ ওলাই যাওঁতে চকুৰ জ্বলা-পোৰা হ্ৰাস কৰিবলৈ ডিঙিত স্কাৰ্ফ আৰু চানগ্লাছ পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়। আনকি ঘৰত থাকোঁতে, প্ৰয়োজন অনুসৰি মুখা পিন্ধিব বুলিলৈও কোৱা হৈছে । ঔদ্যোগিক প্ৰদূষণ হ্ৰাস কৰিবলৈ দিল্লীৰ ১১ টা তাপ বিদ্যুৎ প্ৰকল্পৰ ভিতৰত ছয়টা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।