Daily Time Axom

স্বদেশী হৈয়ো ন্যায়ৰ বাবে ২০ বছৰৰ যুঁজ ৷ ভাৰতীয় নাগৰিকৰ স্বীকৃতি পালে ৭৫বছৰীয়া আইতাই ৷

0 7

নিজৰ নাগৰিকত্বৰ স্বীকৃতিৰ বাবে নিজৰ দেশতে মহিলাগৰাকীয়ে যুঁজ দিব লগা হ’ল ২০ বছৰৰ অধিক কাল ৷ সুদীৰ্ঘকাল ন্যিয়িক যুঁজৰ পিছত নিজকে ভাৰতীয় নাগৰিক হিচাপে  ন্যায়ালয়ত স্বীকৃতি পালে তেঁও ৷ নাম পুষ্পাৰাণী ধৰ, ঘৰ বঙাইগাঁৱত । বঙাইগাঁৱৰ বাবুপাৰা নিৱাসী তথা প্ৰয়াত ৰে’ল কৰ্মচাৰী মৃণাল কান্তি ধৰৰ পত্নী পুষ্পাৰাণী ঘোষক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল।

২০০০ চনৰ আশে–পাশে পুষ্পাৰাণী ধৰক বিদেশী ন্যায়াধিকৰণে ন’টিচ জাৰি কৰে ৷ দীৰ্ঘদিন ধৰি ন্যায়াধিকৰণত গোচৰ চলি থকাৰ পিছত ২০১৭ চনত বঙাইগাঁৱৰ বিদেশী চিনাক্তকৰণ ন্যায়াধিকৰণে পুষ্পাৰাণী ধৰক বিদেশী হিচাপে ঘোষণা কৰে ৷ ইয়াৰ পাছতে পুষ্পাৰাণী ধৰৰ লগতে পৰিয়ালবৰ্গই ডিটেনচন কেম্পলৈ গ্ৰেপ্তাৰ কৰি নিয়াৰ  শংকাত আছিল সদায় ৷ ২০১৭ চনত উচ্ছ ন্যায়ালয়ত জামিনত অনুমোদন জনোৱাত সাময়িক সকাহ লাভ কৰিবলৈ সক্ষম হয় ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে এই গোচৰটোৰ ূড়ান্ত ৰায় প্ৰদান কৰি বিদেশী ন্যয়াধীকৰণৰ পূৰ্বৰ ৰায়ক খাৰিজ কৰে ৷ পুষ্পাৰাণী ধৰক স্বদেশী হিচাপে ঘোষণা কৰে ন্যায়ালয়ে ৷ উচ্চ ন্যায়ালয়ত পুষ্পাৰাণী ধৰৰ স্বামী মৃণালকান্তি ধৰে ১৯৬২ চনত ৰে’ল বিভাগত চাকৰি লাভ কৰা, পুষ্পাৰাণী ধৰৰ তেঁওৰ সৈতে হোৱা বিয়াৰ নথি আদি দাখিল কৰা হৈছিল ৷ লগতে পুষ্পাৰাণী ধৰৰ পিতৃ প্ৰয়াত হীৰেন্দ্ৰ নাথ পালৰ ১৯৬৬ চনৰ বেংগল মেডিকেল ইউনিয়নৰ প্ৰমাণ পত্ৰও দাখিল কৰা হৈছিল । নথিবোৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰি তেঁওৰ বিৰুদ্ধে থকা বিদেশীৰ অভিযোগ খাৰিজ কৰি ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিয়ে ৷

Leave A Reply

Your email address will not be published.