Daily Time Axom

অৰুণাচলৰ পাচিঘাটত হ’ব আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ ঘোষণা।

0 5

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে উত্তৰ-পুর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়নৰ ভালেকেইটা পদক্ষেপ গ্রহণৰ কথা শনিবাৰে ঘোষণা কৰে।

  • পাচিঘাটত ৩০ খন আসন এখন নতুন আয়ুবেদিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
    *পাচিঘাটত ৬০ খন বিচনাযুক্ত এখন আয়ুবেদিক চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত।
  • উত্তৰ পূব আয়ুর্বেদ আৰু লােক ঔষধী গৱেষণা প্রতিষ্ঠান প্রাংগনত নতুন আন্তঃগাঁথনি সৃষ্টিৰ বাবে ৫৩.৭২ কোটী টকাৰ বিনিয়ােগ।
  • প্রক্রিয়াটোত প্রত্যক্ষভাৱে ৮৬টা নতুন সংস্থাপন সৃষ্টি। বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে আজি অৰুণাচল প্রদেশত আয়ুস খণ্ডৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ কথা ঘােষণা কৰে। উত্তৰ-পূর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়ণৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অংশবিশেষে কেন্দ্রীয় মন্ত্রীজনাই এই পদক্ষেপ গ্রহণ কৰিছে ।
    অৰুণাচল প্রদেশৰ পাচিঘাটস্থিত উত্তৰ পুব আয়ুর্বেদ আৰু লােক ঔষধি গৱেষণা প্রতিষ্ঠানত কেন্দ্রীয় মন্ত্রীজন আজি ৫৩.৭২ কোটী টকা বিনিয়ােগেৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্রহণৰ কথা ঘােষণা কৰে। এই গৱেষণা প্রতিষ্ঠান প্রাংগনতে ৩০ খন আসনযুক্ত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় আৰু ৬০ খন বিচনাযুক্ত এখন নতুন আয়ুর্বেদিক চিকিৎসালয় স্থাপনৰ পদক্ষেপ গ্রহণৰ কথাও ঘােষণা কৰে। লগতে এই প্রক্রিয়াৰে প্রত্যক্ষ ভাৱে অতিৰিক্ত ৮৬ টা নিয়ােগ সৃষ্টি হ’ব বুলি তেওঁ কয়। ভৱিষ্যতে এই স্থানত এটা শিক্ষাতনিক গৃহ, এটা ছাত্রাবাস, এটা ছাত্রীবাস আৰু এটা ক্রীড়া গৃহ স্থাপন কৰাৰাে চৰকাৰৰ পৰিকল্পনা আছে বুলি তেওঁ সদৰি কৰে ৷
Leave A Reply

Your email address will not be published.