Daily Time Axom

আপুনি জানেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি ফোন ব্যবহাৰ কৰে?

0 6

আপুনি বাৰু জানেনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ফোন ব্যৱহাৰ কৰে?

আপুনিয়ে নহয় বেছিভাগেই আইফোন বুলিয়ে ক’ব। বেছিভাগ ক্ষেত্ৰতে ভিভিআইপি সকলে আইফোনৰ বিভিন্ন মডেল ব্যৱহাৰ কৰে বুলিয়ে ভবা হয়।

সেয়েহে, প্ৰধানমন্ত্ৰীয়ে আইফোন ব্যৱহাৰ কৰে বুলি ভবাটো সকলোৰে বাবে এক স্বাভাৱিক কথা।

কিন্তু আচলতে সেইটো নহয়। যদি আপুনি এনেকৈ ভাবে, তেন্তে সেই ধাৰণাটো নিশ্চয় ভুল।

সঁচা অৰ্থত প্ৰধানমন্ত্ৰীয়ে প্ৰকৃততে আইফোন বা আন কোনো স্মাৰ্টফোন ব্যৱহাৰ কৰিব নোৱাৰে ।

এইটো কোৱা ভাল যে, প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তাজনিত কাৰণত কোনো স্মাৰ্টফোন ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁৰ এক প্ৰটকল এইটো কিয়নো তেওঁ এজন ৰাষ্ট্ৰপ্ৰধান।

অৱশ্যে এইটোও নহয় যে প্ৰধানমন্ত্ৰীৰ কোনো ফোন নাথাকে। থাকে কিন্তু তেওঁ ব্যৱহাৰ কৰা ফোনটোত বিশেষ ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। সেই ফোনটো বিশেষভাৱে তৈয়াৰ কৰা হৈছে।

গতিকে ভাৱকচোন, তেওঁ কেনে ধৰণৰ ফোন ব্যৱহাৰ কৰে?

আচলতে, তেওঁ উপগ্ৰহ বা সীমিত এলেকাৰ (আৰএএক্স) ভিতৰত ফোন ব্যৱহাৰ কৰে। এনে ফোন প্ৰধানমন্ত্ৰীৰ দৰে বিশিষ্ট ব্যক্তিৰ বাবে বিশেষকৈ তৈয়াৰ কৰা হয়। এই ফোনটো হেক বা ট্ৰেক কৰা সম্ভৱ নহয়। এই ফোনটোৱে সেনাৰ বাৰ্তা প্ৰেৰণ কৰাৰ দৰে একে তৰংগত কাম কৰে। ফোনটো সদায় সুৰক্ষা সংস্থা এনটিআৰঅ’ আৰু ডেয়তি নামৰ সংস্থাৰ দ্বাৰা নিৰীক্ষণ কৰা হয়। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যালয়ৰ পৰা ব্যৱহাৰ কৰা উপগ্ৰহীয় ফোন নম্বৰটো তিনিটা স্তৰৰ নিৰাপত্তাত ৰখা হৈছে। মোডীয়ে তেওঁৰ মুখ্য সচিবৰ ফোনটো সকলো কথোপকথনৰ বাবে ব্যৱহাৰ কৰে।

Leave A Reply

Your email address will not be published.