Daily Time Axom

ইতিহাস ৰচিলে কমলা হেৰিছে, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত প্ৰথম গৰাকী মহিলা

0 15

ইতিহাস ৰচি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ শুক্ৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰাপ্ত প্ৰথমগৰাকী মহিলা হ’ল। ৰাষ্ট্ৰপতি জো বিডেনে অস্থায়ীভাৱে তেওঁলৈ ক্ষমতা হস্তান্তৰ কৰিছিল ।
জানিব পৰা গৈছে যে, বিডেন এক ঘণ্টা ২৫ মিনিটৰ বাবে নিয়মীয়া কলনোস্কোপীৰ বাবে এনাস্থেচিয়াৰ অধীনত থকাৰ সময়তে হেৰিছে লাভ কৰিছিল ক্ষমতা।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা আৰু প্ৰথম দক্ষিণ এছিয়া মূলৰ উপ-ৰাষ্ট্ৰপতি হেৰিছে আন এক অভিলেখ ৰচিছিল শুক্ৰবাৰে ৷ তেওঁ দেশখনত ৰাষ্ট্ৰপতিৰ ক্ষমতাত বহা প্ৰথম গৰাকী মহিলা হৈছিল।

হেৰিছে ৱেষ্ট উইঙত থকা তেওঁৰ কাৰ্যালয়ৰ পৰাই কাম কৰিছিল যেতিয়া বিডেন এনাস্থেচিয়াৰ অধীনত আছিল।
বিডেনে শুক্ৰবাৰে ৰাতিপুৱা হেৰিছ আৰু হোৱাইট হাউচৰ চিফ অফ ষ্টাফৰ সৈতে কথা পাতিছিল।
শনিবাৰে ৭৯ বছৰীয়া বিডেন শুক্ৰবাৰে ৰাতিপুৱা ৱাল্টাৰ ৰীড চিকিৎসা কেন্দ্ৰত নিয়মীয়া বাৰ্ষিক শাৰীৰিক পৰীক্ষা কৰিবলৈ উপস্থিত হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰত, যেতিয়াই ৰাষ্ট্ৰপতিক এনাষ্টেচিয়াৰ প্ৰয়োজন হয়, তেতিয়াই এজন উপ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ ক্ষমতা গ্ৰহণ কৰাটো সচৰাচৰ নিয়ম। । আৰু সেই সূত্ৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথম গৰাকী মহিলা হৈ পৰে কমলা হেৰিছ ৷

Leave A Reply

Your email address will not be published.