Daily Time Axom

বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰীৰ দেহাৱসান

0 12

অসমৰ এগৰাকী বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱচৌধুৰীৰ শুকুৰবাৰে নিশা দেহাৱসান ঘটিছে ৷ ১৯৩২ চনৰ ১৬ আগষ্টত বজালীৰ পাটাছাৰকুছিত জন্ম গ্ৰহণ কৰা গিৰিপদ দেৱচৌধুৰী ক’ৰোনাত আক্ৰান্ত হৈ শুকুৰবাৰে ৯০ বছৰ বয়সত মৃত্যুমুখত পৰে ৷

গিৰিপদ দেৱচৌধুৰীয়ে বাণী প্ৰকাশ গোষ্ঠীৰ প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ প্ৰভূত অৱদান আগবঢ়ায় ৷ কথা সৰিৎ সাগৰ, বাল্মিকী ৰামায়ণ, ৩২ পুতলাৰ সাধু আদি ভালে কেইখন গ্ৰন্থেৰে সাহিত্য জগতলৈয়ো অৱদান আগবঢ়ায় গৈছে তেখেতে ৷

তেখেতৰ মৃত্যুত পানবজাৰৰ গ্ৰন্থ জগতত শোকৰ ছাঁ পৰিছে ৷ শনিবাৰে দিনটো গ্ৰন্থ জড়িত পানবজাৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখে ব্যৱসায়ী সকলে ৷
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰায় এটা দশক ধৰি সভাপতি আছিলো গিৰিপদ দেৱচৌধুৰী ।২০০১ চনৰ ২০১১ চনলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি আছিল দেৱচৌধুৰী ৷ উত্তৰ-পূৱ গ্ৰন্থমেলাৰো এজন অগ্ৰণী বাটকটীয়া আছিল দেৱচৌধুৰী।
তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.