Daily Time Axom

বিৰাট কোহলীক পিছ পেলাই টি-২০ত নেউজিলেণ্ডৰ গাপ্টিলৰ অভিলেখ ৷

0 13

মাৰ্টিন গাপ্টিলে ক্ৰিকেটৰ মহাবীৰ বিৰাট কোহলীক অতিক্ৰম কৰিলে। কোহলীক পিছ পেলাই তেওঁ বৰ্তমান আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হ’ল। ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টি-২০ আৰম্ভ হোৱাৰ আগতে নিউজিলেণ্ডৰ অপেনাৰজন কোহলীৰ পৰা মাত্ৰ ১১ ৰাণ পিছ পৰি আছিল।
শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ড টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়।
গাপ্টিলে ভুৱনেশ্বৰ কুমাৰৰ প্ৰথম অভাৰত ১৪ ৰাণ সংগ্ৰহ কৰিছিল। তেতিয়াই তেওঁ কোহলীক অতিক্ৰম কৰিছিল।
জয়পুৰত অনুষ্ঠিত প্ৰথমখন টি-২০ খেলত গাপ্টিলে ৭০ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ যোৱা দিনটোত ১৫ টা বলত ৩১ ৰাণ কৰিছিল। ৩টা চাৰি আৰু ২ টা ছয় মাৰিছিল।

Leave A Reply

Your email address will not be published.