Daily Time Axom

সৈনিক শিল্পী জনপ্ৰাণ বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন আপুৰুগীয়া ফটো ৷ হাতত পঘা লগাই ৰাজ পথেদি চোঁচৰাই দিয়া মুহূৰ্তৰ দুৰ্লভ ছবি ৷

0 11

এখন আপুৰুগীয়া ফটো ৷ ফটোত দেখা লোকজনক আপুনি বিষ্ময়কৰ প্ৰতিভা আৰু মানুহৰ বাবে জীৱন পাত কৰা মানুহ ৰূপে জানে ৷ ফটোখনৰ কাহিনীও আপুনি জানে ৷ হাতত পঘা লগাই আৰক্ষীয়ে লৈ যোৱা মানুহজন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৷ ১৯ নৱেম্বৰ, শুকুৰবাৰে এক বিশেষ উপলক্ষে সামাজিক মাধ্যমত এই ফটোখন আপলোড কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই।

১৯৬২ চনৰ ১৯ নবেম্বৰতে বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ পঘাৰে বান্ধি তেজপুৰৰ ৰাজপথেৰে চৰকাৰে চোচৰাই নিছিল জনতাৰ শিল্পী বিপ্লৱী বিষ্ণু ৰাভাক । ৰাজপথেৰে লৈ যোৱা সেই ক’লা দিনটোৰ এক মুহূৰ্তৰ সাক্ষী এই ফটোখন ৷ এয়া আছিল এক ক’লা ইতিহাস৷ এই ফটোখন ৰাজহুৱা কৰি কলাগুৰু পুত্ৰ হেমৰাজ ৰাভাই লিখিছে-
“বিষ্ণু ৰাভা- তোমাৰ সেই হাঁহি বিপ্লৱৰ বিজয়ৰ প্ৰতীক হৈ ৰ’ব।“

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাক ১৯৬২ চনত তেজপুৰতআৰক্ষীয়ে পঘাৰে বান্ধি ৰাজ পথেৰে চোঁচৰাই নিয়াৰ কথা আমি সকলোৱে জানো যদিও সৰহ সংখ্যক লোকেই এইখন ফটো দেখা নাছিল ৷

Leave A Reply

Your email address will not be published.