বৰ্তমানৰ বিজেপি চৰকাৰখনৰ নিৰ্বাচনত জয় লাভৰ পিছতেই প্ৰতিশ্ৰুতি আছিল শীঘ্ৰেই নিযুক্তি দিব ১লাখ যুৱক-যুৱতীক ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত ১ লাখ যুবক-যুবতীৰ নিয়োগ নিশ্চিতকৰণৰ বাবে দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কইনাধনাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত প্রতিটো বিভাগৰে খালী হৈ থকা পদ আৰু এই পদসমূহ পূৰণৰ বাবে বিভাগসমূহে লোৱা পদক্ষেপৰ বিষয়সমূহ বিষদভাৱে আলোচনা কৰা হয়।
বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত মকৰলৰ বাবে একোখনকৈ নিয়োগ আয়োগ গঠন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। এই নিয়োগ আযোগৰ অধ্যক্ষ হিচাপে থাকিব এগৰাকীকৈ অতিৰিক্ত মুখ্য সচিব। আনহাতে, বিভিন্ন বিভাগৰ আভিযান্ত্রিক পদসমূহ পূৰণ কৰাৰ বাবে যৌথ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অভিযান্ত্রিক পদসমূহ পূৰণৰ বাবে অসম লোক সেৱা আয়োগে সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিব। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগতে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে তৎকালীনভাৱে পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিয়ে।
আজিৰ এই বৈঠকত অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ৰাজীর কুমাৰ বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত আছিল।