ধনশিৰি মহকুমাৰ বৰপথাৰ ২নং দুবৰণী ভগৱান বাগান গাঁৱৰ পৰা আজি ৯ দিনে নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা। ৰুকমনি তাঁতি নামৰ মহিলা গৰাকী বেংকত যাও বুলি যোৱা ১২ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে ঘৰৰ পৰা ওলাই গৈছিল। তেওঁৰ স্বামী ৰাজু তাঁতীয়ে বহুতো বিচাৰ-কুচাৰ কৰাৰ পিছতো কোনো সন্ধান নোপোৱাত বৰপথাৰ আৰক্ষী থানাত খবৰ দিয়ে। কিন্তু আজি ৯ দিন পাৰ হোৱাৰ পিছতো ৰুকমনি তাঁতিৰ একো সম্ভেদ নাই। ইফালে ৰুকমনি তাঁতিৰ একমাত্ৰ ৫ বছৰীয়া পুত্ৰ সন্তানে মাকক বিছাৰি কান্দোনত ভাগি পৰিছে। সেয়েহে ৰুকমনি তাঁতিৰ স্বামী ৰাজু তাঁতিয়ে নিজ পত্নীৰ কোনো সম্ভেদ পালে ৯৩৯৫৪৫৬৮১১ নম্বৰত খবৰ দিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে।