দেওবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত পৰাগ কুমাৰ দাস স্মাৰক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৯৯৭ চনত আৰম্ভ হোৱা প্ৰতিযোগিতাখনে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষত ভৰি থৈছেহি ।
বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৷ ‘জুম’ প্লেটফৰ্মতো অনলাইন যোগেৰে প্ৰতিযোগিতাখনত ভালেকেইজন প্ৰতিযোগিয়ে অংগৰহণ কৰে । উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই প্ৰতিযোগিতাখনত সভাপতিত্ব কৰিছে।
অনুষ্ঠানটোত ২৫ বছৰীয়া গৌৰৱময় যাত্ৰাপ্ৰতিফলিত কৰা এখন সুন্দৰ ফটো শ্ব’ উপস্থাপন কৰা হৈছিল। নতুন দিল্লী, কলকাতা আৰু যোৰহাটৰ তিনিজন প্ৰাক্তন তাৰ্কিক জুৰী হিচাপে উপস্থিত থাকে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০ খনতকৈও অধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণকাৰী ৰবীন্দ্ৰ ভৱনত আহি উপস্থিত হয়।
১৯৯৬ চনত দিনৰ পোহৰত হত্যা কৰা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত ১৯৯৭ চনৰ পৰা প্ৰতিবছৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এইবাৰেই শেষ হ’ব তৰ্ক প্ৰতিযোগিতাখন। ২০২২ চনৰ পৰা বাৰ্ষিক বক্তৃতানুষ্ঠানৰহে অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে।