Daily Time Axom

আই আই টি গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ উদ্বোধন কৰিলে নেনো প্ৰযুক্তি আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ কেন্দ্ৰ ৷

0 8

কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে আইআইটি গুৱাহাটী ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অত্যাধুনিক নেনোটেকন’লজী কেন্দ্ৰ (চিএনটি) আৰু ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰৰ (চিআইকেএছ) লগতে প্ৰতিষ্ঠানটোৰ দুটা হোষ্টেল উদ্বোধন কৰে।
প্ৰতিষ্ঠানটোত, তেওঁ এনইপি ২০২০ ৰূপায়ণৰ ওপৰত এখন গ্ৰন্থও উদ্বোধন কৰে।

অনুষ্ঠানত অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগু আৰু সাংসদ কুইন ওজাও উপস্থিত থাকে।

প্ৰধানে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ৰেংকিং প্ৰণালীত উৎকৃষ্ট ৰেংকিং অৰ্জন কৰাৰ বাবে আইআইটি গুৱাহাটীক অভিনন্দন জ্ঞাপন কৰে আৰু গৱেষণা আৰু শিক্ষাৰ বাবে পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লগতে উত্তৰ-পূব অঞ্চলৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে আইআইটি গুৱাহাটীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.