ঘাতক ৰাজ পথ ! কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ এজন যুৱকৰ মৃত্যু ৷
আকৌ ঘাতক ৰাজপথত এজনৰ শোকাৱহ মৃত্যু ৷
দেওবাৰে নগাঁও জিলাৰ কলিয়াবৰৰ নলতলীত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত এজন মটৰ চাইকেল আৰোহী যুৱক নিহত হয়।
মৃত যুৱকজনক প্ৰাক্তন ছাত্ৰনেতা মৃগাংক বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। কলিয়াবৰ তিনিআলিৰ বাসিন্দা আছিল নিহত বৰদলৈ ।
বৰদলৈয়ে ধেমাজিৰ পৰা কালিয়াবৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । ব্যক্তিগৰাকীয়ে দুচকীয়া বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।