সীমান্ত বিবাদৰ সমাধান ! যোৰহাটত অসমৰ ডঃ হিমন্ত বিশ্ব শৰ্মা – নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ বৈঠক৷
আন্তঃ ৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পিছত অসমৰ মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ সৈতে যোৰহাটৰ আৱৰ্ত ভৱনত দেওবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অসম-নগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দীঘলীয়া ভৌগলিক সীমাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ বিষয়ে মুখ্যমন্ত্ৰী দুজনে মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্রণ ৰক্ষা কৰি দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিক্স’ যোৰহাটত উপস্থিত হয়। প্রায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাৰ উপৰিও আন্তঃৰাজ্যিক বাণিজ্য, সীমান্ত অঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি প্ৰশসংগতো আলোচনা কৰে ৷ লগতে, সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দা সকলৰ মাজত সামাজিক সম্ভাৱ বৃদ্ধি কৰাৰ বাবে নেতাদ্বয়ে বিস্তৃতভাবে পর্যালোচনা কৰে।
