কাছাৰত ১৫ বছৰীয়া বিশেষভাৱে সক্ষম নাবালিকাক বলাৎকাৰ ৷ এজন অভিযুক্তক আটক

বাকহীন বিশেষভাৱে সক্ষম এগৰাকী ১৫ বছৰীয়া ছোৱালীক কাছাৰত বলাৎকাৰৰ ঘটনা ঘটিছে ৷ এজন ৩৫ বছৰীয়া যুৱকক এই সন্দৰ্ভত আটক কৰা হৈছে। ঘটনাটো যোৱা শুক্ৰবাৰে সংঘটিত হৈছিল যেতিয়া ছোৱালীজনী ঘৰত অকলে আছিল।
ছোৱালীজনীৰ মাক-দেউতাক দুয়ো লেডিয়া চাহ বাগিচাৰ দৈনিক মজুৰীকৰ্মী ৷ অভিযুক্তজন একেটা চুবুৰীতে বাস কৰে। নাবালিকাজনীৰ দেউতাকে আৰক্ষীক জনাইছে যে যেতিয়া তেওঁ আৰু পত্নী শুকুৰবাৰে কামৰপৰা আহি ঘৰত উপস্থিত হয়, তেওঁলোকে ছোৱালীজনীক কান্দি থকাত পায়।
সম্প্রতি , ছোৱালীজনীৰ দেউতাকে দাখিল কৰা অভিযোগৰ ভিত্তিত অভিযুক্ত জনক লেডিয়া চাহ বাগিচাৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি একেদিনাই আদালতত হাজিৰ হয়।
অভিযুক্তই স্বীকাৰ কৰিছে যে যেতিয়া ছোৱালীজনী ঘৰত অকলে থকাৰ সুযোগ লৈ শ্লীলতাহানিৰ চেষ্টা কৰিছিল।
ছোৱালীজনীক চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছে। শাৰীৰিকভাৱে আৰোগ্য হোৱাৰ পিছত ছোৱালীজনীৰ বিবৃতি লিপিবদ্ধ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।
আদালতৰ নিৰ্দেশ অনুসৰি অভিযুক্তজনক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

Comments (0)
Add Comment