আপুনি হয়তো পাহৰা নাই সেইজন বায়ু সেনা জোৱান অৰ্থাৎ পাইলটক, যিজন বীৰক পাকিস্তানৰ সেনাই আটক কৰিও ভাৰতক গতাই দিবলৈ বাধ্য হৈছিল ।
হয়, আজি সেইজন বায়ু সেনা কামাণ্ডাৰ অভিনন্দন বৰ্তমানকে ভাৰত চৰকাৰে জনাব যথোচিত সন্মান।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনন্দন বৰ্তমানক বীৰ চক্ৰ সন্মানেৰে সন্মানিত কৰিব। ২৭ ফেব্ৰুৱাৰী, ২০১৯ত, তেতিয়াৰ উইং কামাণ্ডাৰ অভিনন্দনে পাকিস্তানৰ এফ-১৬ বিমানখন গুলীবৰ্ষণ কৰি ধ্বংস কৰিছিল । সেই বীৰোচিত কামৰ স্বীকৃতিস্বৰূপে আজি কেপ্টেইন অভিনন্দনক সামৰিক সেৱা বীৰ চক্ৰ বঁটাৰে সন্মানিত কৰা হ’ব।