২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

যোৱা মাহত ধেমাজিত অসম চৰকাৰৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত এইবাৰৰ কেবিনেট বৈঠক অহা ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হ’ব । প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীয়ে বঙাইগাঁৱলৈ অহা যোৱাৰ বাটত জিলা আৰু মহকুমা ভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰিব। সেইমৰ্মে ৰণজিৎ কুমাৰ দাসে যাত্ৰাৰ আৰম্ভণিতে বাক্সা উভতি আহোতে গোৱালপাৰা, অতুল বৰাই যাওতে ৰঙিয়া উভতি আহোতে উত্তৰ শালমাৰা, উৰ্খাউ গৌৰা ব্ৰহ্মই যাওতে বজালী উভতি আহোতে বিজনী, চন্দ্রমোহন পাটোৱাৰীয়ে যাত্ৰাৰ আৰম্ভণিতে বৰপেটা ওভতনি যাত্ৰাত চিৰাং, পৰিমল শুক্লবৈদ্যই যাওতে চিৰাং আৰু উভতি আহোতে ৰঙিয়া ভ্রমণ কৰিব। আনহাতে কেশৱ মহন্তই যাওতে গোৱালপাৰা আৰু উভতি আহোতে বজালী, ৰণোজ পেশুৱে যাত্ৰাৰ আৰম্ভণিতে শালবাৰী উভতি আহোতে বৰপেটা, যোগেন মহনে যাওতে বিজনী আৰু উভতি আহোতে শালবাৰী পৰিদৰ্শন কৰিব ৷ একেদৰে মন্ত্ৰী সঞ্জয় কিষাণে যাওতে বিলাসীপাৰা উভতি আহোতে তামুলপুৰ, অজন্তা নেওগে যাত্ৰাৰ আৰম্ভণিতে কামৰূপ উভতি আহোতে নলবাৰী, পীযূষ হাজৰীকাই যাওতে দক্ষিণ কামৰূপ উভতি আহোতে বাঙ্গা, বিমল বৰাই যাওতে তামুলপুৰ উভতি আহোতে বিলাসীপাৰা পৰিভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰিব।
তৃণমূল পর্যায়ৰ পৰা অসমৰ সৱলীকৰণ বিশেষকৈ কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ প্রয়াসেৰে বৰ্তমান চৰকাৰে কেবিনেট বৈঠকসমূহ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

Comments (0)
Add Comment