Daily Time Axom

অচিৰেই ১ লাখ নিৱনুৱালৈ চাকৰি ! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৷

0 9

ৰাজ্যজুৰি ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ উদ্দেশ্যেৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে নিযুক্তি আয়োগ আৰু সংযুক্ত নিযুক্তি পৰীক্ষা আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অতিৰিক্ত মুখ্য সচিব পদত এজন বিষয়াৰ নেতৃত্বত পৃথক নিযুক্তি আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে।
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হয়। বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই একাধিক বিভাগত খালী পদপূৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে।
একেদৰে, বিভিন্ন অভিযান্ত্ৰিক সেৱাৰ বাবে, এ.পি.এছ.চি.-ৰ জৰিয়তে এক সম্মিলিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.