Daily Time Axom

আলফাত যোগদানৰ বাবে যোৱা ৩ জন যুৱকক নগালেণ্ডত গ্ৰেপ্তাৰ

0 17

আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধ বিৰতিৰ মাজতে অসমৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতী ঢাপলি মেলিছে নিষিদ্ধ ঘোষিত সংগঠনটোত সদস্য ভৰ্তিৰ বাবে। ২৭নং আছাম ৰাইফলছৰ জোৱানে আলফাত যোগদান কৰিবলৈ যোৱা অসমৰ তিনিজন যুৱকক নগালেণ্ড আৰু ম্যানমাৰৰ সীমান্ত অঞ্চলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ যুৱক তিনিজনক নাগালেণ্ডৰ মন জিলাত আটক কৰিছে। চোৰাংচোৱা সূত্ৰৰ পম খেদি সেনাই চলাইছিল অভিযান। তিনিও গৰাকীক শীঘ্ৰেই অসম আৰক্ষীক গতাই দিব সেনাই । যুৱক তিনিজন ক্ৰমে ওদালগুৰি জলঙাৰ বিকাশ ডেকা, যোৰহাটৰ অৰিন্দম বৰা আৰু শদিয়াৰ হেমন্ত নেওগ বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.