গুণ্ডা যুতীয়া সচিব! কৰ্মচাৰীৰ প্ৰতিবাদত অচল ৰাজ্যৰ পৰিবহন বিভাগৰ সকলো কাৰ্যালয়
সোমবাৰে ৰাজ্যজুৰি প্ৰায় অচল হৈ পৰিল পৰিবহন বিভাগৰ সকলো জিলা কাৰ্যালয়। যুটীয়া পৰিবহন সচিব ড. ছাদনেক সিঙৰ বিৰুদ্ধে প্ৰতিবাদ পৰিবহন বিভাগৰ কৰ্মচাৰীসকলৰ ৷ ৰাজ্যজুৰি পৰিবহণ কাৰ্য্যালয়ত pen down কাৰ্যসূচী ৷
গুৱাহাটীৰ জিলা পৰিবহন আয়ুক্তৰ কাৰ্যালয়তো দেখা গ’ল কৰ্মচাৰীৰ প্ৰতিবাদ ৷ পৰিবহন বিভাগৰ যুটীয়া সচিব ড০ চাদনেক সিঙৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে দীৰ্ঘদিন ধৰি। ২১ দিনৰ পিছতো ন্যায় নাপাই কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কিছুদিন পূৰ্বে কাৰ্যালয়টোত যুটীয়া সচিব সিঙে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল এজন পঞ্জীয়কক ৷ কাৰ্যালয়ত কাৰেণ্ট যোৱাৰ পিছত জেনেৰেটৰ নচলাৰ বাবে নিম্ন বিষয়াজনক চৰ শোধাইছিল চাদনেক সিঙে ৷
ইফালে দিনটোত অনান্য ঠাইৰ লগতে ডিব্ৰুগড়তো জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ পৰা বিচাৰ নাপালে অধিক তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰিভাগটোৰ কৰ্মচাৰী সকলৰ ৷