Daily Time Axom

ছলমানৰ কথা একালৰ নিজৰ বৌৱেক মালাইকাই কিয় ক’লে এনেকৈ

0 14

মালাইকা অৰোৰা এগৰাকী অভিনেত্ৰী যি তেওঁৰ সম্পৰ্কৰ কাৰণে প্ৰতি দিনে চৰ্চালৈ আহে। ছলমান ভাতৃ আৰবাজ আৰু মালাইকাক তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ সময়ত বহুত ট্ৰ’ল কৰা হৈছিল ৷ কিন্তু যেতিয়াই তেওঁৰ নাম অৰ্জুন কাপুৰৰ সৈতে সংযুক্ত হৈছিল তেতিয়া আৰু অধিক ট্ৰ’লৰ কৰা হৈছিল। অভিনেত্ৰীগৰাকীক এতিয়া কাপুৰ পৰিয়ালৰ পাৰ্টিতো দেখা গৈছে।

বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই তেওঁৰ চলচ্চিত্ৰ আৰু ষ্টাইলৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত নিজৰ নাম গঢ়ি তুলিছে। তেওঁ শ্বাহৰুখ খানৰ ‘চল ছয়া ছায়া’ গান ‘দিল ছে’ৰ জৰিয়তে সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল। মালাইকা অৰোৰাই পাছত বহুতো বিশেষ আইটেম গানেৰে চলচ্চিত্ৰত আলোড়ন সৃষ্টি কৰিছিল। তেওঁ ছলমান খানৰ ‘দাবাং’ত ‘মুন্নী বদনাম’ গানটোৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰিছিল। অৱশ্যে মালাইকা অৰোৰাই তাৰ পিছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল কাৰণ ছলমানৰ চিনেমাৰ তেওঁ ‘আইটেম গাৰ্ল’ আছিল। শেহতীয়া এটা সাক্ষাৎকাৰত মালাইকাই ছলমান খানক উদ্দেশ্যি কয় যে, তেওঁ মোক বনোৱা নাই মই যি হৈছো নিজৰ বলত হৈছো। কথাটোৱে এতিয়া বলিউড প্ৰেমীৰ মাজত খুব চৰ্চা লাভ কৰিছে। কিন্তু আচল ঘটনাটো কি, সেয়া সময়তহে জনা যাব।

Leave A Reply

Your email address will not be published.