দিল্লীৰ কৃষক আন্দোলনৰ সফলতাৰ পিছত অসমত আকৌ উকমুকাইছে ’কা’ বিৰোধী প্ৰতিবাদৰ বিষয়টোৱে ৷ এতিয়া আকৌ ’কা’ক লৈ প্ৰশ্ন কৰা আৰম্ভ কৰিছে সাংবাদিকে ৷ প্ৰশ্নৰ সমান্তৰালভাৱে উত্তৰ আহিছে ৰাজনীতিক, ছাত্ৰনেতাৰ মুখৰপৰা ৷
’কা’ বিৰোধী সংগ্ৰামখন পুনৰ চলাই যোৱাৰ ইংগিত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷
অখিল গগৈৰ বিৰুদ্ধে চলি থকা ১৩৫ টা গোচৰৰ এক গোচৰৰ ভিত্তিত মঙলবাৰে তেঁও কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় ৷ ’কা’ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত অখিল গগৈয়ে ক’লে-
মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো ৷ আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ। পুনৰ ‘কা’ বিৰোধী সংগ্ৰামৰ ইংগিত দিলে শিৱসাগৰৰ বিধায়কজনে ৷
আদালতত উপস্থিত হৈ অখিল গগৈয়ে কয় যে,”জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে দিয়া যুঁজখন জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই স্তিমিত হৈছিল৷ ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ’লগৈ৷আন্দোলনৰ নামত নাচ গান হ’ল ৷
মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো ৷ আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই৷”