অসম -অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ৰামপুৰত অসমৰ ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলি বৰ্ষণ কৰে অৰুণাচলী দুৰ্বৃত্তই।
বীট অফিচাৰ বনমালী নৰহৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গছ কটা কাৰ্য্যক বাধা দিবলৈ যাওঁতে এই ঘটনা সংগঠিত হয়। ইতিমধ্যে ঘটনাস্থলীলৈ লখিমপুৰ বন বিভাগৰ লোক আৰু অসম আৰক্ষী ৰাওনা হৈছে।
উল্লেখযোগ্য যে ৰঙা সংৰক্ষিত বনাঞ্চলৰ ধেমাগড়তো ২০ নৱেম্বৰ শনিবাৰেও অনুৰূপ ঘটনা সংগঠিত হৈছিল। তাৰ পাছতো জিলা প্ৰশাসনে সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই।
এনে ঘটনাৰ বাবেই সীমান্তত বাস কৰা অসমীয়া লোকসকল সদায় নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।