অসমৰ সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই ১০ ঘন্টা সাঁতুৰিলে আৰৱ সাগৰত
সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক সাঁতোৰৰ অভিলেখ ৷ অসমৰ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আৰৱ সাগৰত একেৰাহে ১০ ঘণ্টা একেৰাহে সাঁতুৰি অভিলেখ সৃষ্টি কৰিছে। এই সফলতা অৰ্জন কৰা প্ৰথম অসমীয়া এলভিছ। আৰৱ সাগৰৰ ধৰমতৰ জেট্টীৰ পৰা গেইট ৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিলে এলভিছ আলী হাজৰিকাই। সোমবাৰৰ নিশা ১ বজাৰ পৰা আৰম্ভ হৈছিল এলভিছৰ এই দুঃসাহসিক অভিযান।