সোণাপুৰ টোলগেট কৰ্তৃপক্ষৰ গুণ্ডাগিৰি ৷ অতীষ্ঠ ডিমৰীয়াবাসী
মদনপুৰৰ টোলগেটৰ কৰ্মচাৰীৰ উদণ্ড আচৰণৰ পিছত এইবাৰ সোণাপুৰ টোলগেটত অৰাজকতা। সোণাপুৰত
পূৰ্বৰ স্কাইলাৰ্ক কোম্পানীৰ ম্যাদ শেষ হোৱাৰ পাছত নিবিদা যোগে HMC নামৰ এটি অসমৰে কোম্পানীয়ে দায়িত্ব লোৱাৰ পাছতে সৃষ্টি হৈছে এক অনাহুত পৰিস্থিতিৰ ।
পূৰ্বৰ সকলো ধৰণৰ পাছ বাতিল কৰাৰ লগতে স্থানীয় মেস্কিম’ সমূহৰ বিনামূলীয়া চলাচলৰ পাৰপত্ৰ সমূহ হঠাৎ বাতিল কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় দল-সংগঠন । আনহাতে স্থানীয় পূৰ্বৰ কৰ্মচাৰী সকলক কোনো জাননী নিদিয়াকৈ চাটাই কৰাক লৈও সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। ইফালে টোলগেটৰ নতুন কৰ্মচাৰী সকলে গুণ্ডাগিৰিৰে টোল টেস্ক সংগ্ৰহ কৰাৰ ঘটনা সংঘটিত হৈছে । যান-জঁটৰ বাবে দীঘলীয়া শাৰী হৈছে টোলগেটৰ দুয়োপাৰে ৷
সেয়েহে মঙলবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত ডিমৰীয়াৰ কেইবাটাও দল-সংগঠন তথা ৰাইজে একত্ৰিত হৈ এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে আৰু স্থানীয় ৰাইজক পূৰ্বে প্ৰদান কৰা সকলো ধৰণৰ সা-সুবিধা টোলগেট কৰ্তৃপক্ষক বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰে।