Daily Time Axom

আলফা স্বাধীনৰ সাংবাদিকক ভাবুকি, তীব্ৰ গৰিহণা ’জাফা’ৰ

0 10

এটা বাতৰি প্ৰচাৰ কৰাক কেন্দ্ৰ কৰি অসমৰ এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক তথা সম্পাদক ৰাজদ্বীপ বাইলুঙক নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে ভাবুকি প্ৰদান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ‘জাফা’ই ।
এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে — বৈদ্যুতিক সংবাদ মাধ্যমটিত যদি আলফা স্বাধীন সম্পৰ্কত কিবা ভুল বাতৰি সম্প্ৰচাৰ হৈছিল তেন্তে সেই বাতৰিটোৰ ওপৰত আলফাই স্পষ্টীকৰণ দিব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি সম্প্ৰচাৰিত বাতৰিটোৰ আলম লৈ সংগঠনটোৱে এগৰাকী সম্পাদকক ভাবুকি প্ৰদানৰ দ্বাৰা ৰাজ্যত শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত সশস্ত্ৰ সংগঠনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰূদ্ধে সদায় কলম চলাই যোৱা সাংবাদিক সমাজৰ কলম চিৰদিনৰ বাবে স্তব্ধ কৰি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে তাক জাফাই তীব্ৰ ভাষাৰে নিন্দা কৰিছে ।লগতে সাংবাদিকৰ সুৰক্ষা – সংবাদ মাধ্যমৰ স্বাধীনতা বিঘ্নিত কৰিব বিচাৰিলে আলফা স্বাধীনৰ বিৰুদ্ধে অসমৰ সাংবাদিক সমাজ জাগি উঠিবলৈ বেছি পৰ নালাগিব বুলিও জাফাই সঁকিয়াই দিয়ে । আনহাতে কামৰূপ মহানগৰ সমিতি জাফা’ৰ সভাপতি অৱনী বৰুৱাইও আলফাৰ এনে বিসংগতিপূৰ্ণ ভাবুকিক ধিক্কাৰ দিছে।

Leave A Reply

Your email address will not be published.