Daily Time Axom

দিশপুৰৰ বাহিৰত ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দ্বিতীয়খন বৈঠক ৷ কি কি গুৰুত্বপূৰ্ণ সিধান্ত ল’লে বঙাইগাঁৱত?

0 9

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিশপুৰৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় ৷ পৰৱৰ্তী মাহত দিশপুৰৰ বাহিৰত কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব হাফলঙত ৷ বুধবাৰে লাচিত দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যবাসীলৈ দিছে একাধিক গুৰুত্বপূৰ্ণ খবৰ । তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য সিধান্ত:-

  • এইবাৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বছৰজোৰাকৈ উদযাপন কৰিব।
  • অসম অসামৰিক সেৱা (এচিএছ) পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেবিনেটে ।
    # এচিএছ পৰীক্ষাত কোনো ‘ভাষা’ কাকত নাথাকিব – সেয়া অসমীয়া হওঁক বা ইংৰাজী হওঁক।

অৱশ্যে, এচিএছ পৰীক্ষাত বহিবলৈ কিছুমান চৰ্ত নিৰ্ধাৰণ কৰে :

#প্ৰাৰ্থীসকল অসমৰ বাসিন্দা হ’ব লাগিব

#প্ৰাৰ্থীসকলে অসমৰ বা আন যিকোনো সহ-চৰকাৰী ভাষা – বাংলা, বড়ো, তিৱা আদি ক’বলৈ মৌখিকভাৱে সাৱলীল হ’ব লাগিব।

  • বিদেশী বহিস্কাৰৰ আন্দোলনত শ্বহীদ হোৱা সকলৰ পৰিয়ালৰ বাবে ট্ৰাষ্ট গঠন।
  • অসমৰ স্থায়ী বাসিন্দাই ২০ বছৰ নহয় ১০ বছৰ দখল কৰা হ’লেই পাব মহানগৰীত মাটিৰ পট্টা।
  • কামাণ্ডো বেটেলিয়নৰ ৪০০০ পদৰ বাবে ১৮-২১ৰ ভিতৰত হ’ব লাগিব প্ৰাৰ্থীৰ বয়স।
  • বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিব।
  • বঙাইগাঁও মেডিকেল কলেজৰ বাবে বিত্তীয় অনুমোদন।

*অসম কেবিনেটে বুধবাৰে ৰাজ্যখনৰ সত্ৰৰ ভূমি বেদখলৰ ওপৰত জৰীপ কৰাৰ বাবে এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত কেবিনেটৰ ৷
তিনিজনীয়া সমিতিয়ে কমেও এবছৰৰ বাবে জৰীপটো পৰিচালনা কৰিব।
প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাই বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাৰ সৈতে এবছৰৰ বাবে সমিতিখনৰ নেতৃত্ব দিব। তেওঁলোকে জৰীপটো পৰিচালনা কৰিব, ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিব আৰু তেওঁলোকৰ ফলাফল চৰকাৰৰ সন্মুখত দাখিল কৰিব।
কেবিনেটে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়াৰ লগতে সমিতিৰ দুয়োজন বিধায়ককে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছে। ৰাজহ বিভাগেও এই সময়ছোৱাত সমিতিখনক প্ৰয়োজনীয়তাত সহায় আগবঢ়াব।

*পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ ফলত হোৱা ঘাটি জোৰা মাৰিবলৈ সুৰাৰ হ’ব দাম বৃদ্ধি।

*৬ আৰু ৭ জানুৱাৰীত পিতৃ- মাতৃ নতুবা শাহু- শহুৰৰ লগত সময় কটাব পৰাকৈ সকলোৰে বাবে চৰকাৰী বন্ধ ঘোষণা।

Leave A Reply

Your email address will not be published.