নাগালেণ্ড আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ সৈন্যই সোমবাৰে নাগালেণ্ডৰ মন জিলাৰ মন টাউনত নাগালেণ্ড-খাপলাঙৰ এজন কেডাৰক আটক কৰে। তথ্য মতে, আটক কৰা উগ্ৰপন্থীজন
ম্যানমাৰৰ পৰা অহা।
টুইটাৰৰ জৰিয়তে অসম ৰাইফলছে অফিচিয়েল একাউণ্টত লিখিছে, “অসম ৰাইফলছে ২২ নৱেম্বৰত নাগালেণ্ডত এন এছ চি এন-কে (কে এন)ৰ এজন কেডাৰক আটক কৰে।তদুপৰি আন দুটা পৃথক অভিযানত অসম ৰাইফলছৰ সেনাই নাগালেণ্ড আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত ফেক জিলাৰ মেলুৰী ভিলেজ আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ কুকুবোটো গাঁৱৰ পৰা এন এছ চি এন (কে এন)ৰ দুজন উগ্ৰপন্থীক আটক কৰে।