Daily Time Axom

আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ এদিন ৷ কি কি সিধান্ত হ’ল দিনটোত !

0 9

অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে এক আলোচনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৷ আৰক্ষী বাহিনীৰ আধুনিকীকৰণ, ক্ষিপ্ৰ কেছ নিষ্পত্তি, সমীচীন ৰাজহুৱা সেৱা প্ৰদান, দক্ষ চোৰাংচোৱা ব্যৱস্থা আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় এই কাৰ্যসূচীৰ জৰিয়তে পর্যায়ক্রমে আলোচনাৰ মাজেৰে সামৰি লোৱা হয়। আলোচনাৰ অন্তত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হয়—
(১)
মহানগৰ আৰক্ষীত ১৯৯২ চনৰ পৰা প্ৰায় ৪০ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ ইয়াৰে ১৬ হাজাৰ গোচৰৰ কেছ ডায়েৰীকে ধৰি আন আন নথি-পত্ৰৰ উৎস বিচাৰ কৰিব নোৱৰা অৱস্থাত আছে ৷ মহানগৰ আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াসকলৰ দ্বাৰা এই গোচৰসমূহ ৰি-কনষ্ট্ৰাক কৰি আদালতলৈ প্ৰেৰণৰ পদক্ষেপ লোৱাৰ বাবে সিদ্ধান্ত৷

(২)
মহানগৰ আৰক্ষীত প্ৰতি মাহত যিমান গোচৰ ৰুজু হয় তাতকৈ বেছি গোচৰ নিষ্পত্তি কৰাৰ সিদ্ধান্ত৷

(৩)
ৰেঞ্জ ডি আই জি আৰু এছ পিসকলৰ সৈতে ভাৰ্চুৱেলী বৈঠকত মিলিত হৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ পৰ্যালোচনা কৰা হয় আৰু ৩১ মাৰ্চৰ ভিতৰত এই গোচৰসমূহৰ যিমান পাৰি সিমান নিষ্পত্তি কৰাৰ ক্ষিপ্ৰ পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ৷

(৪)
বৈঠকত আৰক্ষীৰ নিযুক্তি সম্পৰ্কেও পৰ্যলোচনা কৰা হয়৷ অহা সপ্তাহৰ ভিতৰত ৫টা কমাণ্ড’ বেটেলিয়নকে ধৰি ৬ হাজাৰ নতুন পদৰ বিজ্ঞাপন দিয়াৰ বাবে নিৰ্দেশ৷ ঠিক তেনেদৰে উপ-পৰিদৰ্শকৰ খালী হৈ থকা পদবীসমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবেও নিৰ্দেশ৷

(৫)
পোষ্টম’ৰ্টেম, এক্সিডেণ্ট ৰিপ’ৰ্ট, পাৰপত্ৰ ভেৰিফিকেচন আদিৰ দিশত নতুন এছ অ’ পি শীঘ্ৰে প্ৰকাশ কৰা হ’ব৷ ৩০ দিনৰ ভিতৰত পাৰপত্ৰৰ ভেৰিফিকেচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ৷ আৰক্ষীৰ এই ধৰণৰ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰি আবেদনকাৰীৰ হাতত প্ৰাপ্তিৰ ব্যৱস্থা৷

(৬)
এজাহাৰ পঞ্জীয়নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ললিতা কুমাৰী গোচৰৰ ৰায়দানৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰত প্ৰাৰম্ভিক অনুসন্ধানৰ কাম হোৱাৰ পাছত সেই অনুসন্ধানৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ ব্যৱস্থা৷ এই সম্বন্ধে যাৱতীয় জাননী চৰকাৰে প্ৰকাশ কৰিব৷

(৭)
পুলিচ একাউণ্টিবিলিটী কমিছনৰো পৰ্যালোচনা কৰা হয়৷

(৮)
দুলীয়াজানত অহা ৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব দ্বিতীয় এছ পি কনফাৰেন্স৷ এই কনফাৰেন্সত কাজিৰঙাত অনুষ্ঠিত হোৱা প্ৰথম কনফাৰেন্সৰ পৰ্যালোচনা কৰা হ’ব৷

(৯)
অসম আৰক্ষীৰ বাবে ১ হাজাৰ নতুন আৱাস নিৰ্মাণ, সমন্বিত মুখ্য কাৰ্যালয়, সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কে ধৰি অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত৷

Leave A Reply

Your email address will not be published.