Daily Time Axom

উন্মাদিনীৰ প্ৰলাপ ! আকৌ বিতৰ্কত অভিনেত্ৰী কংগনা ৷ এইবাৰ শিখ সকলক অপমান ৷

0 11

বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে পুনৰ অপমানজনক মন্তব্য কৰাৰ বাবে সংবাদ শিৰোনাম দখল কৰি আহিছে। মুম্বাই আৰক্ষীয়ে এটা পোষ্টত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে।
অভিযোগটোত উল্লেখ কৰা হৈছে যে কংগনাই কৃষকসকলৰ প্ৰতিবাদক “খলিস্তানি” আন্দোলন হিচাপে উপস্থাপন কৰিছে। লগতে, তেওঁ শিখ সম্প্ৰদায়ক “খালিস্তানি সন্ত্ৰাসবাদী” বুলি অভিহিত কৰিছে।
উপনগৰীয় খাৰ আৰক্ষী থানাই এজাহাৰখন পঞ্জীয়ন কৰিছে। দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিয়ে (ডিএছজিএমচি) অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছে।
তাইৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৯৫ এ (যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় দৃষ্টিভংগীক অপমান কৰি ধৰ্মীয় আৱেগক ক্ষুব্ধ কৰাৰ বাবে ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্য্য) অধীনত গোচৰ ৰুজু কৰা হৈছে। আনহাতে বহুতেই এতিয়া কংগনা ৰানাৱটক উন্মাদিনী আখ্যা দিছে ৷ মাত্ৰ কেইদিনমান আগতে কংগনাই ২০১৪তহে প্ৰকৃতাৰ্থত দেশ স্বাধীন হৈছিল বুলি মন্তব্য কৰি দেশজুৰি গৰিহণাৰ পাত্ৰ হৈছিল ।

Leave A Reply

Your email address will not be published.