বঙাইগাঁৱত বীৰ লাচিতৰ প্ৰতিচ্ছৱিত মাল্যাপণেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ
“সৰ্বকালৰ শ্ৰেষ্ঠ জাতীয় মহানায়কগৰাকীৰ বীৰ গাথা তথা গৌৰৱময় কৰ্মৰাজিয়ে যুগে যুগে আমাক প্ৰেৰণা যোগাই যাব“ – লাচিত দিবস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেবিনেট বৈঠকৰ পূৰ্বে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত এইদৰে কৈ বীৰগৰাকীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্রী সভাৰ আটাইকেইগৰাকী সদস্যইও মাল্যাৰ্পণৰে বীৰগৰাকীৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰে।
লগতে লাচিতৰ বীৰত্ব আৰু শৌর্য-বীর্যই বৃহত্তৰ অসমীয়া জাতিক সদায়ে উদ্বুদ্ধ আৰু প্ৰেৰণা যোগাই যাব বুলিও মুখ্যমন্ত্রীয়ে কয়। ঐতিহাসিক শৰাইঘাটৰ ৰণৰ অতুলনীয় সাহস, বীৰত্ব আৰু নেতৃত্বৰ অমল স্বাক্ষৰ বহন কৰি যোৱা লাচিত বৰফুকনৰ প্ৰতি অসম জননী চিৰকালৰ বাবে কৃতজ্ঞ হৈ থাকিব বুলিও তেওঁ মন্তব্য কৰে ৷