দেশত গৰ্ভনিৰোধকৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত মহিলাৰ উৰ্বৰতা শক্তিৰ হাৰ হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-ভি-য়ে দাবী কৰিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিগৰাকী মহিলা শিশুৰ বাবে দেশৰ মুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ) ২.২ ৰ পৰা ২.০ লৈ হ্ৰাস পাইছে। জৰীপ কৰা সকলো ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মহিলাৰ উৰ্বৰতাৰ হাৰ ১.৪ ৰ পৰা ২.৪ লৈকে নথিভুক্ত কৰা হৈছে। চণ্ডিগড়ত মহিলাৰ উৰ্বৰতাৰ হাৰ ১.৪ আৰু উত্তৰ প্ৰদেশত ২.৪। মধ্য প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ বাহিৰে সকলো ৰাজ্যতে মহিলাৰ উৰ্বৰতাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম। জৰীপ অনুসৰি, সৰ্বভাৰতীয় স্তৰত সামগ্ৰিক গৰ্ভনিৰোধক ব্যৱহাৰৰ হাৰ (চিপিআৰ) ৫.৪% ৰ পৰা ৬.৭% লৈ বৃদ্ধি হৈছে। প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গৰ্ভনিৰোধকৰ আধুনিক পদ্ধতিৰ ব্যৱহাৰো বৃদ্ধি পাইছে।
নীতি আয়োগৰ সদস্য স্বাস্থ্য ড০ ভি কে পাল আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিব ৰাজেশ ভূষণে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-পঞ্চমৰ দ্বিতীয় পৰ্যায়ৰ অধীনত জনসংখ্যা, প্ৰজনন আৰু শিশুস্বাস্থ্য, পৰিয়াল কল্যাণ, পুষ্টি আৰু অন্যান্যৰ ওপৰত গুৰুত্বপূৰ্ণ সূচকসমূহৰ এক ‘তথ্যপত্ৰ’ মুকলি কৰে। জৰীপটোত অৰুণাচল প্ৰদেশ, চণ্ডিগড়, ছত্তীশগড়, হাৰিয়ানা, ঝাৰখণ্ড, মধ্য প্ৰদেশ, দিল্লী, উৰিষ্যা, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড নামৰ ১৪খন ৰাজ্যক সামৰি লোৱা হৈছে। প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সন্দৰ্ভত জৰীপৰ ফলাফল ডিচেম্বৰ, ২০২০ ত মুকলি কৰা হৈছিল।
জৰীপটোৱে দেশৰ ৭০৭ খন জিলাৰ প্ৰায় ৬.১ লাখ পৰিয়ালক সামৰি লৈছে। জিলা পৰ্যায়ত পৃথক কৰিবলৈ ৭ লাখ ২৪ হাজাৰ ১১৫ গৰাকী মহিলা আৰু ১০ লাখ ১,৮৩৯ জন পুৰুষক অন্তৰ্ভুক্ত কৰা হৈছিল।