কেটৰিনা কাইফ আৰু বিকি কৌশলে ডিচেম্বৰৰ প্ৰথম সপ্তাহত ৰাজস্থানত ৰাজকীয় দুৰ্গত বিয়াৰ বাবে সাজু হৈছে৷ তেওঁলোকৰ আসন্ন আকাংক্ষিত দিনটোৰ বিষয়ে উলিওৱা বহুতো সঁচা-মিছা প্ৰতিবেদনৰ মাজেৰে জানিব পৰা গৈছে যে কেনেদৰে কেটৰিনাই তেওঁৰ ভাৱী শাহুৰ সৈতে সময় অতিবাহিত কৰিছে। খবৰ অনুসৰি বিকি কিছুমান কামত ধৰা পৰিছে আৰু তেওঁৰ মাতৃয়ে ভাৱী বোৱাৰীক প্ৰস্তুতিৰ কাম-কাজত সহায় কৰিবলৈ আগবাঢ়িছে। লগতে কোৱা হৈছে যে বিকিৰ ভায়েক ছানী কৌশলেও বিবাহৰ পূৰ্বৰ সকলো পৰিকল্পনাত সহায় কৰি আছে।
খবৰ অনুসৰি, কেটৰিনাই ইতিমধ্যে বিখ্যাত চেলিব্ৰিটি ডিজাইনাৰ সব্যসাচী মুখাৰ্জীৰ পৰা তিনিযোৰ বিয়াৰ পোছাক চূড়ান্ত কৰিছে। এতিয়া বিকিৰ মাক আৰু ভাতৃয়ে নিশ্চিত কৰিছে যাতে বস্তুবোৰ কোনো ফালৰ পৰা পলম নহয় আৰু একেজন ডিজাইনাৰৰ পৰাই বিয়াৰ পোছাক চূড়ান্ত কৰে।