বৰডুমচা মিহলিৰিতু জাতীয় বিদ্যালয়ত মানসিক বিকাশ উৎকৰ্ষ সাধন অনুষ্ঠান

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত মিহলিৰিতু জাতীয় বিদ্যালয়ত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মিহলিৰিতু জাতীয় বিদ্যালয়ৰ আতিথ্যত এক “মানসিক বিকাশ উৎকৰ্ষ সাধন” অনুষ্ঠান আয়োজন কৰে। উপস্থিত থাকে দিচাং সত্ৰৰ পৰিচালক পাৰ্থ প্রতিম মহন্ত,সমাজ সেৱক ইন্দ্ৰেশ্বৰ ফুকন, সমাজ সেৱক আৰু শিক্ষক মোহন মৰাণ, সংগঠনটোৰ উপদেষ্টা গৌতম বৰুৱা,সম্পাদক মন্টুশ মুুুদৈ মৰাণ, বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্ব মৰাণৰ লগতে অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী সকল ।
অনুষ্ঠানটিৰ মুখ্য অতিথি তথা উদ্দেশ্যধৰ্মী বক্তা ৰূপান্তৰ চাউৰকে মানসিক উৎকৰ্ষ সাধনৰ ওপৰত সুন্দৰ ভাৱে মতামত প্ৰদান কৰা সভাতেই উপস্থিত থকা আন বক্তা সকলে মানসিক উৎকৰ্ষ সাধনৰ লগতে শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশৰ উন্নয়ন আৰু সমাযোজন ক্ষেত্ৰত বক্তব্য আগবঢ়ায়।

Comments (0)
Add Comment