মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে মানুহৰ চকুৰ গাঁথনি সলনি কৰিছে নেকি
ম’বাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ সকলোৰে বাবে বৃদ্ধি পাইছে। এই ব্যৱহাৰ বিশেষকৈ কৰ’না মহামাৰীৰ সময়ৰ পৰা অধিক বৃদ্ধি পাইছে। ফলস্বৰূপে ইয়াৰ প্ৰভাৱ চকুত পৰিছে। সেয়ে এতিয়া মানুহৰ চকুৰ গাঁথনিও সলনি হৈ আহিছে। এই কথা গৱেষণাই কৈছে ।
আমি মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে আমাৰ চকুৰ খুব ওচৰত ধৰি ৰাখোঁ। সেয়ে চকুৰ গাঁথনিও সলনি হৈ আহিছে সেই যন্ত্ৰটোৰ পোহৰৰ সৈতে খাপ খায়। বিজ্ঞানৰ কিতাপত থকা চকুৰ গোলাকাৰ প্ৰতিচ্ছবিৰ পৰিৱৰ্তে এতিয়া জলফাইৰ ৰূপ লৈছে । ফলস্বৰূপে চকুৰ সন্মুখভাগ ক্ৰমে ওলাই আহিছে। ইংলেণ্ডৰ বহুকেইজন চকু বিশেষজ্ঞই এই কথা সদৰি কৰিছে ।