স্বাধীন ভাৰতৰ সংবিধান গ্ৰহণৰ স্মৃতিত, ২৬ নৱেম্বৰ দিনটোক ভাৰতৰ সংবিধান দিৱস হিচাপে পালন কৰা হয়। এই বছৰ ঐতিহাসিক দিৱসটিৰ ৭২ তম বাৰ্ষিকী উদযাপন কৰা হয়। ১৯৪৯ চনত এই দিনটোৱে এক নতুন যুগৰ আৰম্ভণিক চিহ্নিত কৰিছিল।
ভাৰতীয় সংবিধান সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে এই দিৱস, যাক সংবিধান দিৱস বা ৰাষ্ট্ৰীয় আইন দিৱস বা ৰাষ্ট্ৰীয় সংবিধান দিৱস বুলিও জনা যায়,আৰু পালন কৰা হয়।
বিজেপি নেতৃত্বাধীন চৰকাৰে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে সংবিধান প্ৰণেতাসকলৰ অৱদানক স্বীকাৰ আৰু সন্মান কৰি আৰু সংবিধানে স্থান দিয়া বিশিষ্ট মূল্যবোধৰ ওপৰত লোকসকলক অৱগত কৰে।
১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান গৃহীত হয় আৰু ই ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত ড০ বি আৰ আম্বেদকাৰৰ সমতা স্মাৰকৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। একে বছৰতে ড০ বি আৰ আম্বেদকাৰৰ ১২৫ তম জন্ম জয়ন্তীও উদযাপন কৰা হৈছিল।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেছবুক পেজত আজিৰ দিনটোৰ বিশেষত্বৰ বিষয়ে লিখিছেঃ
১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান সভাই সংবিধানখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে, যি ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। ভাৰতৰ সংবিধান গ্ৰহণৰ স্মৃতিত প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰি অহা “সংবিধান দিৱস” উপলক্ষে মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
সংবিধান আমাৰ দেশৰ মেৰুদণ্ডস্বৰূপ। ভাৰতীয় সংবিধানে আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰাৰ উপৰিও ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰিছে। যিসকল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত আমি এনে এখন শক্তিশালী সংবিধান লাভ কৰিবলৈ সক্ষম হ’লো, এই শুভ দিনটোত তেওঁলোকলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।