শুকুৰবাৰে অসম আৰক্ষীয়ে গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত দুজন লোকক গ্ৰেপ্তাৰ কৰি হেৰোইন জব্দ কৰে।
অভিযানৰ সময়ত আৰক্ষীৰ দলে ১৫০ গ্ৰাম হেৰোইন থকা ১০ টা চাবোন বাকচ উদ্ধাৰ কৰে। মণিপুৰৰ পৰা বাছখনে এইসমূহ কঢ়িয়াই আনিছিল বুলি গুৱাহাটীৰ ডিচিপি (পশ্চিম) নবনীত মহন্তই কয়।
অভিযুক্তদুজনক মোঃ ৰেকিব (৩৫) আৰু মোঃ ইবুংগো (৩৪) বুলি চিনাক্ত কৰা হৈছে, দুয়োজন মণিপুৰৰ ছাৰাইবামৰ বাসিন্দা।
ৰেকিব হৈছে থৌবাল আৰু গুৱাহাটীৰ মাজত চলি থকা এখন বাছৰ চালক বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।