শুকুৰবাৰে পুৱা ৫.১৫ বজাত এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ অসম ৷ ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.১ ৷ ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত এই ভূমিকম্পনৰ উৎপত্তি স্থল বুলি নিশ্চিত কৰিছে Euro-Mediterranean Seismological Centre (EMSC) নামৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানটোৱে ৷ এই সংস্থাটোৰ তথ্য মতে বাংলাদেশৰ চিতাগঙৰপৰা ১৭৪ কিঃ মিঃ পূবলৈ ম্যানমাৰত ইয়াৰ উৎপত্তি স্থল ৷ মিজোৰামৰ থেনজলৰ সমীপতে এই উৎপত্তি স্থল ৷ এই ভূমিকম্পৰ কম্পন পুৱা চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ, ভূটান, বাংলাদেশ, ভাৰতৰ অসম, পশ্চিমবংগৰ কলকতা পৰ্যন্ত, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে অনুভূত হয় ৷
ইফালে পুৱা ৬.০২ বজাত ৪.১ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি যাায় হিমাচল প্ৰদেশকো ৷
উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰতো ৰিখটাৰ স্কেলৰ ৪.১ প্ৰাৱল্যৰ এক ভুমিকম্পই গুৱাহাটী আৰু অসমৰ অনান্য অংশ জোকাৰি গৈছিল ৷ ইয়াৰ উৎপত্তি স্থল আছিল গুৱাহাটী ৷