Daily Time Axom

আপুনিও শতায়ু লাভ কৰিব বিচাৰে নেকি? চাৰিটা খাদ্য, যি আয়ুস বৃদ্ধি কৰে

0 9

বহুলোকে জীৱনটো মুকলিমুৰীয়াকৈ জীয়াই থাকিবলৈ ভাল পায়। গোটেই পৃথিৱীত বহু মানুহে ভ্ৰমণ কৰিবলৈ ভাল পায়। কিন্তু এটা জীৱনত সকলো ৰুচি আৰু আকাংক্ষা পূৰণ কৰাটো সম্ভৱপৰ হয় জানো? বহুতো মানুহৰ স্বাস্থ্যকৰ জীৱনৰ বাবে দীঘলীয়া আকাংক্ষা থাকে। বিশেষজ্ঞসকলে কয় যে যদি আপুনি দীঘলীয়া সময়ৰ বাবে সুস্বাস্থ্যৰে জীয়াই থাকিব বিচাৰে তেন্তে জীৱনশৈলী আৰু আহাৰ সলনি কৰিব লাগিব। আপুনি সুৰাপান আৰু ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। আনকি অত্যাধিক তেলেতীয়া, মচলাযুক্ত খাদ্য পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলে কেৱল শৰীৰেই নহয় মনটোকো যত্ন ল’বলৈ কয়। কাৰণ চাপ হ্ৰাস কৰা আৰু আৰামদায়ক মনোভাৱত থাকিলেহে দীৰ্ঘদিন জীয়াই থকা সম্ভৱ । বিশেষজ্ঞসকলে চাৰিটা খাদ্যৰ কথাও উল্লেখ কৰিছে যিয়ে আপোনাক দীৰ্ঘসময় ধৰি স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। 

১. মৌ – মৌৱে স্তন, যকৃত, অন্ত্ৰৰ কৰ্কট আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। পুষ্টিবিদসকলে প্ৰতিদিনে এক চামুচ মৌ খোৱাৰ পৰামৰ্শ দিয়ে। 

২. ডালিম – বৃদ্ধ বয়সৰ বিভিন্ন ৰোগ আৰু স্নায়ুৰ বিভিন্ন সমস্যা হ্ৰাস কৰিবলৈ ডালিম খোৱা উচিত ৷ হাড় জোৰা লগোৱাটো এক ডালিমে মহৌষধৰ কাম কৰে । ই তেজত হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। ডালিমে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। 

৩. কাচ কল – কাচ কলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হৃদৰোগৰ আশংকা যথেষ্ট হ্ৰাস কৰে। বৃক্কৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৪. ছাগলীৰ গাখীৰ – গাখীৰৰ পুষ্টিগত মূল্যৰ বাবে শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ বিশেষজ্ঞসকলে ইয়াক প্ৰতিদিনে খোৱাৰ পৰামৰ্শ দিয়ে। বিশেষকৈ ছাগলীৰ গাখীৰত কিছুমান গুৰুত্বপূৰ্ণ উপাদান থাকে যি স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। শৰীৰৰ প্ৰয়োজনীয়তা অনুসৰি কিমান খাব লাগে পুষ্টিবিদৰ পৰামৰ্শ লোৱাৰ পিছতহে খাব। 

Leave A Reply

Your email address will not be published.