Daily Time Axom

২৬/১১ আক্ৰমণৰ ১৩ বছৰ হ’ল, শ্বহীদসকললৈ মুম্বাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0 14

নৱেম্বৰ ২৬, ২০০৮। মায়াহনগৰী মুম্বাই চহৰত তেজৰ সোঁত বৈছিল। আৰৱ সাগৰৰ উপকূলীয় চহৰখনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দ্বাৰা তীব্ৰ জোকাৰণি সৃষ্টি হৈছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাইছিল। সেই আক্ৰমণৰ আজি ১৩ বছৰ হ’ল।
মুম্বাইত, ১৩ বছৰ আগতে হোৱা আক্ৰমণত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । পু্ৱাবেলা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰী, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু গৃহমন্ত্ৰী দিলীপ ৱালছে সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

১৩ বছৰ আগৰ সেই সন্ধিয়াৰ স্মৃতি এতিয়াও দেশবাসীৰ মনত সতেজ হৈ আছে। সশস্ত্ৰ উগ্ৰপন্থীয়ে প্ৰথমে আৰৱ সাগৰ পাৰ হৈ মুম্বাইলৈ অহাৰ পিছত তাজ হোটেলত আক্ৰমণ কৰিছিল। তাৰ পিছত এটা এটাকৈ চহৰখনৰ একাধিক ঠাই যেনে- লিওপোল্ড কেফে, নৰিমন হাইচ, ছত্ৰপতি শিৱাজী বাছ টাৰ্মিনাস, ট্ৰাইডেণ্ট হোটেল, কামা চিকিৎসালয় আদিলৈ বিয়পি পৰে। ইয়াৰ পিছত একেৰাহে চাৰি দিনৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল। আৰু এই আক্ৰমণত ২৮ জন বিদেশী নাগৰিকসহ ১৬৪ জন লোক নিহত হয়। ৩০৮ জন লোক আহত হৈছিল। সংশ্লিষ্ট সকলৰ বহুতে জীয়াই আছে যদিও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পৰা নাই এতিয়াও ।

Leave A Reply

Your email address will not be published.