অসমীয়াত APSC পৰীক্ষা দিব পৰা ব্যৱস্থা অক্ষুন্ন থাকিব : বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্ন কাকত উঠাই দিবলৈ বঙাইগাঁৱত হোৱা কেবিনেটৰ সিদ্ধান্তৰ পিছত সমগ্ৰ ৰাজ্যতে সমালোচনা আৰু বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ বিতৰ্কৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এখন সংবাদমেলত অসমবাসীক আস্বস্ত কৰিবলৈ চেষ্টা কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা এ পি এছ চিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা পূৰ্বৰ দৰেই অসমীয়া ভাষাতে দিবহপৰা ব্যৱস্থা অক্ষুন্ন থাকিব। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- “আমি কোনো অসমীয়াকে বঞ্চিত কৰিব নোৱাৰো ৷ যদি আই এ এছ পৰীক্ষা অসমীয়া, বড়োত লিখিব পাৰি তেন্তে এ পি এছ চি পৰীক্ষা কিয় অসমীয়াত অনুষ্ঠিত কৰিব নোৱাৰি ৷”

সংবাদ মেলখনত মুখ্যমন্ত্ৰী ড° শৰ্মাই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া ভাষা শিকোৱা আৰম্ভ কৰিব লাগে বুলিও মতপোষণ কৰে ৷ মন কৰিবলগীয়া মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহিবলৈ হ’লে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

Comments (0)
Add Comment