Daily Time Axom

ক’ভিডৰ নতুন ভেৰিয়েণ্ট অতি শক্তিশালী, সকলোৱে লওক দুইপালি ভেকচিন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ আহ্বান

0 4

সমগ্ৰ বিশ্বতে ক’ভিডৰ নতুন ওমিক্ৰণক লৈ আতংক বিয়পি পৰিছে ৷ সাৱধানবাণী শুনাইছে শংকিত WHOয়ে ৷
শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত অসমবাসীলৈ আহ্বান জনাইছে ৷ এতিয়া আমি অতিশয় সাৱধানতা অৱলম্বন কৰাটো অতিকৈ বাঞ্চনীয় বুলি সংবাদমেলত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
এই নতুন ভেৰিয়েণ্টৰ ক্ষেত্ৰত ভেকচিনে কাম নকৰে বুলি এতিয়াও বিশ্ব স্বাস্থ্য সংস্থাই একো কোৱা নাই, সেয়ে ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন এতিয়াও এটা বৃহৎ অস্ত্ৰ ৷ এই মন্তব্যৰে পূৰ্বৰ ডেল্টা ভেৰিয়েণ্টতকৈ ‘ওমিক্ৰণ’ নামৰ এই ভেৰিয়েণ্টটো বহু গুণ অধিক শক্তিশালী বুলি মন্তব্য কৰি অসমৰ প্ৰতিজন লোককে ভেকচিন ল’বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰা তথ্য অনুসৰি অসমে ক’ভিড ভেকচিনৰ প্ৰথম ড’জ ২ কোটি ১০ লাখ স্পৰ্শ কৰিছে ৷ আৰু তিনি লাখ লোকে ভেকচিনৰ প্ৰথম ড’জ পোৱাৰ লগে লগে অসমত প্ৰথম ড’জ ভেকচিনেশ্যন সমাপ্ত হ’ব। আমি এটা সপ্তাহৰ ভিতৰত প্ৰথম ড’জ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে অসম চৰকাৰে ৷

ভেকচিন ল’বলৈ বাকী থাকি যোৱা সকলৰ ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে বিচাৰি ভেকচিনৰ ব্যৱস্থা কৰিব বুলিও সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

Leave A Reply

Your email address will not be published.