ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেট তাৰকা ঋতুৰাজ গায়কৱাডে! কোন এই ঋতুৰাজ ?
টীম ইণ্ডিয়াৰ কিংবদন্তি অপেনাৰ ৰোহিত শৰ্মা বৰ্তমান বিশ্বৰ শ্ৰেষ্ঠ অপেনিং বেটছমেন। ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে ৰোহিতে অকলে গোটেই খেলখন নিজে সলনি কৰি দিব পাৰে। কিন্তু এতিয়া ৰোহিত ডাঙৰ হৈ আহিছে আৰু তেওঁ অহা কেইবছৰমানত ক্ৰিকেটক বিদায় জনাব। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ব ৰোহিতৰ ঠাইত কোন এজন খেলুৱৈক নিযুক্তি দিব যিয়ে দলটোৰ আৰম্ভণিৰ দায়িত্ব ল’বলৈ সক্ষম হ’ব। এই প্ৰশ্নটোৰ উত্তৰত এজন যুৱ বেটছমেনৰ কথা আহিছে যি নিশ্চিতভাৱে অদূৰ ভৱিষ্যতে টীম ইণ্ডিয়াৰ বাবে ভাল অপেনাৰ হ’ব।
ৰোহিত শৰ্মাৰ বয়স এই মুহূৰ্তত 34 বছৰ আৰু এই বয়সৰ কেইবছৰমানৰ ভিতৰতে, বেছিভাগ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়। ৰোহিতৰ ঠাইত টীম ইণ্ডিয়াক এজন নতুন অপেনিং বেটছমেনৰ প্ৰয়োজন হ’ব। এই দায়িত্ব যুৱ বেটছমেন ৰিতুৰাজ গায়কৱাডে চম্ভালিব পাৰিব। গোটেই বিশ্বই আই পি এলত গায়কৱাড়ৰ বেটিং দেখিছে। মাত্ৰ ২৪ বছৰ বয়সৰ বেটছমেনজন হৈছে টীম ইণ্ডিয়াৰ ভৱিষ্যত। শেহতীয়াকৈ আই পি এলত তেওঁৰ বেটিঙে সকলোৰে হৃদয় জয় কৰিছে।